নিউজ ডেস্কঃ আম আদমি পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পিপিই কিট ক্ৰয়ৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচদিয়াই শনিবাৰে সংবাদমেলত কয় যে- ”আজি বিজেপিৰ এগৰাকী নেতাৰ দুৰ্নীতিৰ তথ্য সকলোৰে সন্মুখত ৰাখিছো। তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। ইয়াক কয় কেলেংকাৰী। এই নেতাগৰাকীয়ে নিজৰ পত্নীৰ নামত থকা কোম্পানী আৰু পুত্ৰৰ ঘনিষ্ঠ ব্যক্তিৰ কোম্পানীক চৰকাৰী ঠিকা প্ৰদান কৰিছে। ইয়াক লৈ বিজেপিয়ে তদন্ত কৰাৰ নিৰ্দেশ দিবনে? নিজৰ মুখ্যমন্ত্ৰীক জে’ললৈ প্ৰেৰণ কৰিব নে নকৰে?”
লগতে তেওঁ কয়- ”বিজেপি দলৰ মুখ্যমন্ত্ৰীয়ে পত্নীৰ কোম্পানীক চৰকাৰী ঠিকা প্ৰদান কৰিছে, সন্তানৰ সতীৰ্থ ব্যৱসায়ীক ঠিকা প্ৰদান কৰিছে। এয়া হৈছে কেলেংকাৰী। এই কেলেংকাৰী পোহৰলৈ আনিছে ‘দ্য ৱায়াৰ’ আৰু অসমৰ এটা ৱেব পৰ্টেল ‘দ্য ক্ৰছ কাৰেন্টে’। তেওঁলোকে এটা ৰিপৰ্ট জাৰি কৰিছিল। আৰু এই ৰিপৰ্টত যিবোৰ তথ্য সংযুক্ত কৰিছে, তাৰ পৰাই বুজিব পাৰি যে ২০২০ত অসমৰ স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা হিমন্ত বিশ্ব শৰ্মাই কিদৰে কোভিডৰ আঁৰত কেলেংকাৰী সংঘটিত কৰিছিল তাৰ প্ৰমাণ এয়া।”
”এই ঘটনা ২০২০ৰ। সমগ্ৰ দেশতে কোভিড সৃষ্টি পৰিৱেশৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ পৰা পিপিই কিট ক্ৰয়ৰ ঠিকা উলিয়াইছিল। সেই ঠিকা কাক আৰু কিমান দামত দিয়া হৈছিল তাতেই কেলেংকাৰী সংঘটিত হৈ আছে। এই ঠিকা হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ কোম্পানী আৰু পুত্ৰৰ পাৰ্টনাৰৰ কোম্পানীক এই ঠিকা প্ৰদান কৰে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীটোৰ মেডিকেল সা-সামগ্ৰী নিৰ্মাণ, বা চিকিৎসাৰ দিশৰ সৈতে কোনো সম্পৰ্ক নাছিল। কিন্তু জৰুৰীকালীন সময়ৰ সুবিধা লৈ তেওঁ এই ঠিকা প্ৰদান কৰে পত্নীক। সেই সময়তে চৰকাৰে আন কোম্পানীৰ পৰা এটা পিপিই কিট ৬০০ টকাত ক্ৰয় কৰিছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীৰ পৰা এটা পিপিই কিট ৯৯০ টকাকৈ ক্ৰয় কৰিছিল…”- সংবাদমেলত কয় দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনীষ ছিছদিয়াৰ সংবাদমেলৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে টুইটাৰত। তেওঁ টুইটাৰত লিখিছে- “Dear Manish Sishodia, let me refresh your memory from 2 years. You did not even reply to my tweet when my people from Assam needed your help during the Covid pandemic. Many phone calls even went unanswered in spite of the fact that we knew each other very well.”