ডিফু : মাঞ্জাত যাত্ৰীবাহী বাছৰ পৰা জব্দ বুজন পৰিমানৰ গাঞ্জা। ইম্ফলৰ পৰা বিহাৰ অভিমুখে গৈ থকা যাত্ৰীবাহী বাছৰ পৰা জব্দ গাঞ্জা। আৰক্ষীৰ অভিযানত গাঞ্জা সৰবৰাহকাৰী বিহাৰৰ দুই যুৱক গ্ৰেপ্তাৰ।
ৰাজ্যজুৰি অসম আৰক্ষীয়ে অব্যাহত ৰখা নিচাযুক্ত সামগ্ৰী বিৰোধী অভিযানত ইত্যাদি আৰক্ষীয়ে বহু সাফল্য লাভ কৰিছে। অসম আৰক্ষীৰ এই সাফল্যৰ সমূহৰ ভিতৰত কাৰ্বি আংলং আৰক্ষীৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে পৰিলক্ষিত হৈছে।
কাৰ্বি আংলং আৰক্ষীয়ে বিগত সময়ছোৱাত কেইবা কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো সৰবৰাহকাৰী। নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখি কাৰ্বি আংলং আৰক্ষীয়ে এইবাৰ জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা।
দেওবাৰে বিয়লি মাঞ্জা আৰক্ষীয়ে চলোৱা এক নিয়মীয়া তালাচিত মণিপুৰৰ ইম্ফলৰ পৰা বিহাৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰে। এএমএন-০১-২০৯২ নম্বৰৰ যাত্ৰীবাহী বাছখনৰ পৰা আৰক্ষীয়ে ২১ কেজি গাঞ্জা জব্দ কৰাৰ লগতে বিহাৰৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : আধাৰৰ সৈতে PAN কাৰ্ডৰ সংযোগ কৰিলেনে, হাতত মাত্ৰ ১০দিন
ধৃত বিহাৰৰ যুৱক দুজন অখিলেশ কুমাৰ আৰু জয় প্ৰকাশ কুমাৰ বুলি চিনীক্ত কৰা হৈছে৷ দুয়োগৰাকীৰ ঘৰ বিহাৰৰ মতিহাৰী জিলাত৷ আৰক্ষীয়ে যুৱক দুজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।