নিউজ ডেস্কঃ কংগ্ৰেছত যোগদান কৰিলে কেইবাগৰাকীও নেতাই। ৰাজীৱ ভৱনত দলটোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হৈছে যোগদান অনুষ্ঠান।
কংগ্ৰেছত যোগদান কৰিলে আঞ্চলিক গণ মৰ্চাৰ প্ৰতিষ্ঠাপক মনজিৎ মহন্তই। আঞ্চলিকতাৰ ধ্বজা উৰুৱাই যোৱা সময়চোৱাত সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে মিলি আঞ্চলিক গণ মৰ্চাৰ জন্ম দিয়া মহন্তই আনুষ্ঠানিক ভাবে কংগ্ৰেছী হ’ল।
অৱশ্যে যোৱা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি শোচনীয়ভাবে পৰাজয়ৰ সন্মুখীন হৈছিল |
আৰু পঢ়কঃলখিমপুৰৰ তাৰিয়নিত বজাৰৰ অভাৱত বাৰীতে পঁচিছে আনাৰস
ইয়াৰ উপৰিও দলটোলৈ পুনৰ যোগদান কৰিলে পূৰ্বে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা মেহদি আলম বৰাই।এই গৰাকী মেহদী আলম বৰাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি দল ত্যাগ কৰিছিল। যোৱা সময়চোৱাত বিজেপিৰ হৈ একোৱেই দায়িত্ব নোপোৱাৰ পিছত আজি আকৌ কংগ্ৰেছলৈ উভতি আহে নেতা গৰাকী।
এই দুজন নেতাৰ উপৰিও কংগ্ৰেছত যোগদান কৰিলে ৰাজু গগৈ, আমিনুল হক, জ্বলি আহমেদ, আব্দুল ৱাহিদ, চিকন্দৰ আলী, ৰুবী ডেকা, ৰাখী সিঙে।
এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বীজেন শৰ্মা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, ববীতা শৰ্মা মীৰা বৰঠাকুৰ, অসীমা বৰদলৈ আদি।