মানকাচৰ : মানকাচৰত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে গ্ৰহণ কৰিলে কভিডৰ দ্বিতীয় পালি ভেকচিন। কভিডৰ দ্বিতীয় ঢৌৰ পৰা বচাবলৈ জিলাবাসীক সজাগ হোৱাৰ আহ্বান অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জিলাখনত প্ৰতিদিনে বৃদ্ধি পাই আছে কভিড আক্রান্ত লোকৰ সংখ্যা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওঝাই দেওবাৰে কভিডৰ প্ৰতিষেধক হিচাপে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰি কভিডৰ দ্বিতীয় ঢৌৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সকলোকে সজাগ হ’বলৈ আহ্বান জনায়। জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক গৰাকীয়ে গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৈ দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰে।
ইতিমধ্যে জিলাখনত দেওবাৰৰ দিনটোলৈ মুঠ ৩৪ জন লোক কভিডত আক্ৰান্ত হৈছে। প্ৰতিদিনে জিলাখনত চাৰিৰ পৰা সাত জন লোক আক্ৰান্ত হৈছে কভিডত। কভিডৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলা প্ৰশাসনে সকলো লোককে মুখত মাস্ক পৰিধান কৰি ঘৰৰ পৰা বাহিৰত ওলাবলৈ নিৰ্দেশ প্ৰদান কৰিছে।