দক্ষিণ শালমাৰা : দুদিন পূ্ৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ জিলাখনৰ ১২ খন গাঁৱৰ শতাধিক কৃষকৰ শ শ বিঘা কৃষি ভূমি পানীয়ে প্লাবিত কৰি ৰখাৰ ফলত ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰি কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধল নামি অহাত জিলাৰ সদৰ হাটশিঙিমাৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে বৰষুণৰ ফলত জিলাখনৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱাত শ শ কৃষকৰ ধাননি পথাৰ পানীৰ তলত ডুব গৈছে।
বিশেষকৈ মানকাচৰৰ কানাইমাৰা, বৰাইকান্ধী, সুখচৰ, মলাখোৱা, গোটাবাৰী, খোপাতীয়া, বৰটিলা, বেতবাৰীকে ধৰি প্ৰায় ১২ খনকৈ গাঁৱৰ কৃষি ভূমি বৰ্তমানেও কৃত্ৰিম বানৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে। ফলত অতি আশাৰে ধান খেতি কৰা কৃষক সকলৰ ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। মাত্ৰ এটা সপ্তাহ গলেই ধান খেতি কৰা কৃষক সকলে পথাৰৰ পৰা সোনগুটি কাটি আনিব পাৰিলেহেতেন কিন্তু পথাৰত এইদৰে আকস্মিকভাৱে নিশাৰ ভিতৰত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত মানকাচৰৰ শ শ কৃষক এতিয়া মুৰে-কপালে হাত দিবলগীয়া হৈছে।
কৃত্ৰিম বানৰ ফলত পথাৰতে নষ্ট হৈ পৰিব ধৰা ধান এতিয়া কৃষক সকলে কোনো মতে কাটি আনি জমা কৰিছে যদিও ধানৰ সলনি পতান ওলাইছে। পূৰ্বে কৃষক সকলে প্ৰতি বিঘাত প্ৰায় ১৫-২০ মোনকৈ ধানৰ সোনগুটি লাভ কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ কৃষক সকলে প্ৰতি বিঘাত ৪-৬ মোনকৈ ধান লাভ কৰিব বুলি ভূক্তভূগী কৃষক সকলে জানিবলৈ দিয়ে। ইয়াৰে অধিকাংশ খেতি নষ্ট হৈ পৰাত এতিয়া পানীৰ মাজৰ পৰা ধান কাটি আনি গৰু-মহক খোৱাব লগীয়া হৈছে।
ৰাজ্যজুৰি চলি থকা মিনি লকডাউনৰ ফলত মানকাচৰৰ কেইবা শতাধিক শাক-পাচলিৰ খেতিয়কে বজাৰৰ অভাৱত ব্যাপক লোকচানৰ সম্মুখীন হৈছে। মানকাচৰৰ কৃষক সকলৰ পথাৰত উৎপাদিত শাক-পাচলি পথাৰতে গেলি পচি নষ্ট হৈ পৰাত গৰু-ছাগলীক শাক-পাচলি খোৱাব লগীয়া হৈছিল। এনে পৰিস্থিতিৰ মাজত ধান খেতি কৰা কৃষক সকলে এইবাৰ ধান ভাল হ’ব বুলি ধাৰনা কৰিছিল যদিও কৃত্ৰিম বানে সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলালে ধান খেতি। একাংশ কৃষকে চৰকাৰীভাৱে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন লাভ কৰি খেতি পথাৰ আৰম্ভ কৰিছিল যদিও আন একাংশ কৃষকে চৰকাৰী কোনো সুবিধাই লাভ নকৰাৰ ফলত কৃষক সকলে চৰকাৰৰ ওপৰত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক : ক’ভিডৰ দ্বিতীয়টো ধৌত ভাৰতত ৫৯৪ গৰাকী চিকিৎসকৰ মৃত্যু
সুখচৰৰ মুছাদ্দিকুল ইছলাম আৰু আমিৰ হুছেইন নামৰ দুই কৃষকে জানিবলৈ দিয়া মতে দুয়ো গুৱাহাটী মহানগৰীত দিন হাজিৰা কৰি উপাৰ্জন কৰা ধনেৰে পৰিয়ালক পোহপাল দিয়ে কিন্তু ক’ভিডৰ পৰিস্থিতিৰ ফলত দুয়ো বিগত প্ৰায় দুটা বছৰ ধৰি ঘৰতে বিভিন্ন কাম কৰাৰ লগতে চাৰি বিঘা ভূমিত ধান খেতি কৰিছিল। মনত সপোন লৈ মুৰৰ ঘাম মাটিত পেলাই ধান খেতিত প্ৰতিদিনে কাম কৰি অৱশেষক সোনগুটি চপাবলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে এইদৰে এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান পানীৰ ফলত সপোন ভাঙি থানবান হৈছে দুয়ো গৰাকী কৃষকৰ।