মানকাচৰ – মানকাচৰ মহাবিদ্যালয় উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ দুটা গোটে পৃথকে পৃথকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নতুন অধ্যক্ষ বাছনিক লৈ শিক্ষাৰ্থী সকলৰ দুটা গোটে প্ৰতিবাদ সাব্যস্ত কৰে।

দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ মকাচাৰ মহাবিদ্যালয়ত শিক্ষাৰ্থী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ দুটা গোটে অধ্যক্ষ বাছনিক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনৰ পৰিৱেশ উত্তাল কৰি তোলে। এটা গোটৰ শিক্ষাৰ্থীয়ে জেষ্ঠ্য প্ৰবক্তা পি চি মহাপাত্ৰক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়াৰ দাবী জনোৱাৰ পৰিবৰ্তে আন এটা গোটৰ দাবী ড০ সুদিপ্তা দত্তক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদত নিযুক্তি দিয়াৰ।

দেওবাৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আবেদ আলীয়ে অৱসৰ গ্ৰহণ কৰাত ড০ সুদিপ্তা দত্তক মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়ে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে। পৰিচালনা সমিতিৰ এই সিদ্ধান্তক লৈ শিক্ষাৰ্থী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সোমবাৰে শিক্ষাৰ্থী সকলে শ্ৰেণী বৰ্জন কৰি হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ আৰম্ভ কৰে।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈছে মহাবিদ্যালয়খনত। পৰিচালনা সমিতিৰ সিদ্ধান্ত বাতিলৰ দাবীত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে পৰিয়ালনা সমিতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ এটা গোটে।

দাবী পুৰন নোহোৱালৈ শিক্ষাৰ্থী সকলে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ অব্যাহৰ ৰখাৰ ভাবুকি। প্ৰতিবাদকাৰী শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ৰ নিয়ম-নীতি মতেই নতুন অধ্যক্ষ নিযুক্তিৰ দাবী জনাইছে।

Also read: হাটশিঙিমাৰীৰ টি-১০ ক্ৰিকেট টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত ৬ উইকেটত জয়ী হাটশিঙিমাৰী ক্ৰিকেট দল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply