মানকাচৰ : মানকাচৰত ৬ জনলৈ বৃদ্ধি পালে কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। দক্ষিণ শালমাৰা থানাৰ আৰক্ষী কনিষ্টবলৰ শৰীৰত ধৰা পৰিল কভিডৰ অৱস্থিতি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত কভিডৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মানকাচৰত ৰাইজে নিজে কভিড পৰীক্ষা কৰিবলৈ ভিৰ কৰিছে স্বাস্থ্য কেন্দ্ৰ সমূহত। ৪৫ বছৰ উৰ্ধৰ ব্যক্তিক প্ৰতিষেধকৰ টীকা প্ৰদান অব্যাহত আছে জিলাখনত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ এজন আৰক্ষীৰ কনিষ্টবলৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত জিলাখনত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। থানাখনৰ মইনুল হক নামৰ আৰক্ষী কনিষ্টবল জনক দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰাত আৰক্ষী কনিষ্টবল জনৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰে। ইতিমধ্যে আৰক্ষী কনিষ্টবল জনক হাটশিঙিমাৰী অসামৰিক চিকিৎসলায়ৰ আইছুলেশ্বন কক্ষত ভৰ্তি কৰা হৈছে।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত কভিডৰ দ্বিতীয় ঢৌ ভয়াবহ সংক্ৰমণৰ দিশে গতি কৰিছে। কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত একাংশ সচেতন লোক নিজে কভিড পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগৰ কাষ চাপিছে। ইতিমধ্যে জিলাখনত বহু লোকে কভিড পৰীক্ষা সম্পন্ন কৰি প্ৰতিষেধক হিচাপে টীকা গ্ৰহণ কৰা আৰম্ভ কৰিছে। জিলাখনৰ খাইৰুজ্জামান ৰাছেল নামৰ এইগৰাকী সাংবাদিকে কভিডৰ প্ৰথম পালি টীকা গ্ৰহণ কৰি ৰাইজক ভেকছিন গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনাইছে।

মন কৰিবলগীয়া বিষয় যে কভিডৰ সংক্ৰমণৰ ভয়াবহতা দেখি ৰাইজে চৰকাৰী নিৰ্দেশনা মানি ইতিমধ্যে মাক্স পৰিধান কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্য ইয়াৰ মাজতে একাংশ লোকে এতিয়াও মাক্স পৰিধান কৰা আৰম্ভ কৰা নাই যদিও স্বাস্থ্য বিভাগে বিভিন্ন প্ৰকাৰে ৰাইজক মাক্স পিন্ধিবলৈ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মহকুমা স্বাস্থ্য বিষয়া ডাঃ ছাদ্ৰুল হক খন্দকাৰে সাংবাদিকক জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,686 other subscribers

Leave a comment

Leave a Reply