দক্ষিণ শালমাৰ : কভিড-১৯ ৰ দ্বিতীয় ঢৌ ভয়াবহভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষী, বেটেলিয়া, সেনা আৰু নিৰাপত্তাৰক্ষীক টীকাকৰণ প্ৰদান কৰি থকাৰ লগতে প্ৰতিদিনে জিলাখনৰ স্বাস্থ্য কেন্দ্ৰ সমূহত কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ১৮ খনকৈ কভিড-১৯ ৰ টীকাকৰণৰ চেণ্টাৰত আৰক্ষী, বেটেলিয়ান, সেনা আৰু নিৰাপত্তাৰক্ষীক দ্বিতীয় পালি টীকা প্ৰাদান কৰি থকা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰক্ষী, বেটেলিয়ান, সেনা আৰু নিৰাপত্তাৰক্ষীক প্ৰথম পালি টীকা প্ৰদান কৰা হৈছিল। বৃহস্পতিবাৰৰ পৰা আৰক্ষী, বেটেলিয়ান, সেনা আৰু নিৰাপত্তাৰক্ষী সকলৰ দ্বিতীয় পালি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে।
ইতিমধ্যে জিলাখনৰ স্বাস্থ্য কৰ্মী, জ্যেষ্ঠ নাগৰিকৰ টীকাকৰণ সম্পূৰ্ণ কৰাৰ লগতে নিৰ্বাচনৰ সময়ত পলিং আৰু প্ৰিজাইডিঙৰ দায়িত্বত থকা শিক্ষক সকলকো প্ৰথম পালি টীকাকৰণ কৰা হৈছে। আনহাতে জিলাখনৰ গজাৰিকান্ধী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হাটশিঙিমাৰী অসামৰিক চিকিৎসলায়, মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ফেকামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, টুমনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কাকৰিপাৰা স্বাস্থ্য কেন্দ্ৰ, ঝাউডাঙা স্বাস্থ্য কেন্দ্ৰ আৰু সাদুল্ল্যাবাৰী স্বাস্থ্য কেন্দ্ৰকে ধৰি মুঠ ৯ খনকৈ স্বাস্থ্য কেন্দ্ৰত কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
পূৰ্বে স্বাস্থ্য বিভাগৰ পৰা বিভিন্ন ঠাইত কোভিড পৰীক্ষাৰ বাবে অস্থায়ীভাৱে চেণ্টাৰ নিৰ্মাণ কৰি জিলাখনত কভিড পৰীক্ষাৰ হাৰ যথেষ্ট পৰিমানে বৃদ্ধি কৰা হৈছিল যদিও বৰ্তমানে দিনত জিলাখনত ১০০-১৫০ জন লোককহে কভিড পৰীক্ষা কৰা হয়। অৱশ্য দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এতিয়ালৈ চিন্তাৰ কোনো কাৰণ নাই বুলি জিলা স্বাস্থ্য বিষয়া ডাঃ ছাদ্ৰুল হক খন্দকাৰে জানিবলৈ দি কয় যে আমাৰ জিলাত ৰাইজক দিব পৰাকৈ পৰ্যাপ্ত পৰিমানে ভেকছিন মজুত আছে। তেওঁ আৰু কয় যে যেহেতু কভিডৰ দ্বিতীয় ঢৌ অতি ভয়াবহ গতিকে ৰাইজে সাৱধানতা অৱল্মন কৰি বাৰে বাৰে হাত ধূই ছেনিটাইজাৰ কৰাৰ লগতে ঘৰৰ পৰা বাহিৰত ওলালে মাক্স পৰিধান কৰিব লাগে।