মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৰ ৰাঙাপানীত বৰদৈচিলাৰ তাণ্ডৱ। বৰদলৈচিলাই উৰুৱাই নিলে অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ। অঞ্চলটোৰ বিদ্যালয় আৰু দোকানত বিস্তৰ ক্ষতি। সমগ্ৰ জিলাখনতে ব্যাহত বিদ্যুৎ সেৱা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে অসম-মেঘালয় সীমান্তৰ ৰাঙাপানীত শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত ধুমুহাই তাণ্ডৱলীলা চলাই এখন বিদ্যালয় সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলোৱাৰ লগতে অঞ্চলটোত থকা দোকান ঘৰ আৰু অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰৰ টিনপাত উৰুৱাই নিয়ে।

শুকুৰবাৰে নিশাৰ ভাগত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱলীলা চলে। জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন নহ’লেও ধুমুহাই বহু প্ৰকাণ্ড গছ আৰু বিদ্যুৎ খুটা ভাঙি নিয়াৰ ফলত জিলাতখনত সম্পূৰ্ণৰূপে বিদ্যুৎ যোগান ব্যাহত হৈ আছে। ইফালে ৰাঙাপানী গাঁৱত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে।

ধুমুহাই ৰাঙাপানী বিদ্যাপীঠ আদৰ্শ জাতীয় বিদ্যালয়খন সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰাৰ লগতে অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহৰ টিনপাত, ঘৰৰ বেৰ, দোকানৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ-গছনি আদি ভাঙি পেলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply