দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা পাটাকাটা গাঁবত চলি থকা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ আগন্তক বাৰিষাৰ পূৰ্বে কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা দক্ষিণ শালমাৰাৰ পাটাকাটাকে ধৰি বিভিন্ন এলেকাত খৰাং বতৰতেই ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহীয়া অব্যাহত আছে। যোৱা বেলি বানৰ সময়ত পাটাকাটা বজাৰখন নদীয়ে উটুৱাই নিয়াৰ লগতে পাটাকাটা এম ভি স্কুলৰ ৫০ শতাংশ অংশ নদীয়ে জাহ যোৱা পৰিলক্ষিত হৈছে।
সম্প্ৰতি নদীয়ে অঞ্চলটোৰ দুয়োপাৰে চলাই আছে গৰাখহনীয়া। আগন্তক বাৰিষা অহাৰ পূৰ্বে পাটাকাটা অঞ্চলৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে পাটাকাটা উপস্বাস্থ্য কেন্দ্ৰ, পাটাকাটা ঐতিহাসিক মছজিদ, পাটাকাটা এম ভি স্কুল সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈ যাৱ বুলি ৰাইজে শংকা প্ৰকাশ কৰিছে। সেয়ে আগন্তক বাৰিষাৰ পূৰ্বে পাটাকাটা অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম সমাপ্ত কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে।