মানকাচৰ : মানকাচৰত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত কুচনীমাৰাত চিলিণ্ডাৰ বিস্ফোৰণ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত এজন লোকৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ হয়।

মিজানুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বিধ্বংসী অগ্নিকাণ্ডত লোকজনৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডৰ ২০ টা পদত নিযুক্তি মুকলি

জুৰি লেলিহান শিখা মিজানুৰ ৰহমানৰ তিনিটাকৈ ঘৰত বিয়পি পৰাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে। ৰাইজে জুই নুমোৱাবলৈ চেষ্টা চলায় যদিও মানকাচৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply