মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অৰ্ধ শতাধিক গাঁও বানৰ কবলত। ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ৭ ছেণ্টিমিটাৰ ওপৰেদি বৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত। বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ। নিৰাপদ স্থানত আশ্ৰয় লৈছে বহু লোকে।

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ট ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অৰ্ধ শতাধিক গাঁও বানৰ কবলত পৰিছে। শুকুৰবাৰে পুৱা ৭ বজালৈ জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদ সীমাৰ ৭ ছেণ্টিমিটাৰ ওপৰেদি প্ৰবাহিত হোৱাৰ ফলত জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক গাওঁ বানৰ কবলত পৰিবছে।

বিশেষকৈ চৰাঞ্চলৰ সমূহৰ একাংশ স্থানত বানৰ পানীয়ে বহু লোকৰৰ ঘৰৰ মধূচলৈ জলমগ্ন কৰি ৰখাৰ ফলত চৰাঞ্চলৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। একেদৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত থকা বাংৰীৰচৰ, পুৰাণ সুখচৰ গাঁৱত একাংশ বিদ্যালয়, লোকৰ ঘৰ নিশাৰ ভিতৰতে পানীয়ে জলমগ্ন কৰি পেলায়।

লগতে পঢ়ক : হাফলঙৰ ডিয়ুংমুখত সন্দেহ যুক্ত DNLA উগ্ৰপন্থীয়ে জ্বলালে পাঁচ খন ট্ৰাক

হঠাৎ পানীয়ে প্লাবিত কৰা অঞ্চল সমূহত বহু লোকে ঘৰৰ ভিতৰত চাং পাতি আশ্ৰয় ল’বলৈ আৰম্ভ কৰাৰ লগতে একাংশ লোক ইতিমধ্যে নিৰাপদ স্থানত ঢাপলি মেলিছে। বান প্ৰভাৱিত বহু অঞ্চলত লোকে ঘৰ এৰি ওখ স্থানত আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে। পথৰ কাষত আৰু মাথাউৰীৰ ওপৰত আশ্ৰয় লৈছে বহু লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply