মানকাচৰ : দহ বছৰ পূৰ্বে ধন মোকোলাই দিয়া হাস্পতালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল। ২০১১ চনত দক্ষিণ শালমাৰাৰ-মানকাচৰ জিলাৰ চৰাঞ্চল হাজিৰহাটত ৩০ খন বিচনাযুক্ত হাস্পতাল নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ১ কোটি টকা মোকোলাই দিছিল। স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে হাস্পতালখনৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ পিছৰে পৰা হাস্পাতালখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।
বিগত দহ বছৰে হাস্পতালখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল। হাস্পতালখনৰ প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে যদিও ৰহস্যজনকভাৱে কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে প্ৰায় ৭-৮ বছৰ ধৰি হাস্পতালখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছে। ফলত অৰ্ধনিৰ্মিত হাস্পতালখনৰ গৃহ জহি খহি নষ্ট হ’বলৈ ধৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাজিৰহাট অঞ্চলৰ প্ৰায় লক্ষাধিক লোকৰ চিকিৎসাৰ সুবিধাৰ বাবে চৰকাৰে হাস্পতালখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল।
বিগত দহ বছৰে হাস্পতালখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ ফলত হাজিৰহাট অঞ্চলৰ লক্ষাধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। এই অঞ্চলৰ ৰোগী সকল জৰুৰীকালীন অৱস্থাত নাওঁ ভাড়া কৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি ধুবুৰীলৈ নিয়া হয়। একেদৰে অতি সংকটজনক ৰোগীক গোৱালপাৰা অথবা গুৱাহাটীলৈ অনা নিয়া কৰাৰ বাবে উপযুক্ত যাতায়ত ব্যৱস্থা নথকাৰ ফলত বহু ৰোগী চিকিৎসাৰ অভাৱত মৃত্যুৰ মুখত পৰিব লগীয়া হয়।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত স্থায়ী শান্তিৰ বাবে আইজল পালেগৈ অসমৰ দুই মন্ত্ৰী
অতিকৈ ভিতৰুৱা এই চৰাঞ্চলত ৩০ খন বিচনাযুক্ত হাস্পতালখন বিগত দহ বছৰ অৰ্ধনিৰ্মিত অৱস্থাত এইদৰে পেলাই ৰখাৰ ৰহস্য কি ? এই হাস্পতালখনৰ নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হ’ব ইয়াৰ উত্তৰ অঞ্চলটোৰ ৰাইজে চৰকাৰৰ পৰা বিচাৰিছে। অঞ্চলটোৰ ৰাইজৰ উপযুক্ত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ’ব নে ?