YouTube Poster

মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত প্ৰায় অৰ্ধ শতাধিক অবৈধ কাঠফলা মিল চোৰাংভাৱে চলি থকাৰ পিছতো আৰক্ষী আৰু বন বিভাগে বিষয়টোৰ প্ৰতি সামন্যতম গুৰুত্ব প্ৰদান নকৰাৰ ঘটনাই আৰক্ষী আৰু বন বিভাগ বন ধ্বংসৰ লগত জড়িত হৈ আছে নেকি তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে যোৱা প্ৰায় ৮ মাহ পূৰ্বে জিলাখনৰ সাংবাদিকৰ দল এটা অবৈধ কাঠফলা মিলৰ বাতৰি সংগ্ৰহ কৰিবলৈ মানকাচৰৰ কালাপানী এলেকাৰ কুৰাভাঙা পাহাৰত উপস্থিত হৈছিল। অবৈধভাৱে কাঠফলা মিল চলাই থকাৰ দৃশ্য সাংবাদিকৰ দলে কেমেৰাত বন্দি কৰাৰ বাবে এইগৰাকী অবৈধ কাঠফলা মিলৰ গৰাকীয়ে সাংবাদিকক কাঠৰ কুণ্ডাৰে আক্ৰমণ কৰিবলৈ আহিছিল। ঘটনাক লৈ একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগতে সাংবাদিকে এই গৰাকী অবৈধ কাঠফলা মিলৰ গৰাকীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ পিছত কিছুদিনৰ বাবে জিলাখনৰ অবৈধ কাঠফলা মিল বন্ধ হৈ পৰিছিল।

ৰহস্যজনকভাৱে যোৱা কিছুদিন ধৰি পুনৰ জিলাখনত অবৈধ কাঠফলা মিল সমূহ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে। পূৰ্বৰ দৰেই কোনো ধৰণৰ ভয় নকৰাকৈ অবৈধ কাঠফলা মিলত চোৰাংভাৱে কাঠ ফালি বন ধ্বংসলীলা চলাইছে একাংশ বন ধ্বংসকাৰীয়ে। জিলাখনৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ পৰা আৰম্ভ কৰি দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ একাংশ চৰাঞ্চলত অবৈধভাৱে গঢ় লৈ উঠিছে কাঠফলা মিল। দিনে-নিশাই সকলোৰে চকুৰ সম্মুখত এই সমূহ অবৈধ কাঠফলা মিলত গছৰ কুণ্ডা ফালি একাংশ সপ্তাহিক বজাৰত অবৈধভাৱে কাঠসমূহ বিক্ৰি কৰা হয়।

বিশেষকৈ জিলাখনৰ সদৰ হাটশিঙিমাৰী, দক্ষিণ শালমাৰাৰ পাটাকাটা, মাগুৰমাৰী, মানকাচৰৰ পুঠিমাৰীকে ধৰি প্ৰায় ৫-৬ খন সপ্তাহিক বজাৰত বিক্ৰী কৰা হয় অবৈধ কাঠ। অৱশ্য কৰোনা মহামাৰীৰ বাবে সপ্তাহিক বজাৰ সমূহ সম্প্ৰতি কিছুদিন ধৰি বন্ধ হৈ আছে যদিও সপ্তাহিক বজাৰৰ কাষতে কাঠৰ চোৰাং বেপাৰী সকলে ঘৰ ভাৰা লৈ অবৈধভাৱে মজুত ৰখা কাঠ বিক্ৰী কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। কেৱল এয়াই নহয়, মানকাচৰৰ বিভিন্ন এলেকাত বৰ্তমানেও অবৈধভাৱে বালি খনন কাৰ্যও ভয়াবহভাৱে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তেজপুৰৰ এগৰাকী দৰিদ্ৰ শিল্পীয়ে লাভ কৰিলে উন্নতমানৰ চিকিৎসা

বিশেষকৈ মানকাচৰৰ কালাপানী এলেকাত থকা কালো নদীত অবৈধভাৱে এটা চক্ৰই দীৰ্ঘদিনৰ পৰা বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলোৱাৰ ফলত কালো নদীৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে। ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে কালো নদীৰ দুয়ো পাৰত গৰাখহনীয়াৰ সৃষ্টি কৰাত কালাপানী এলেকা খহনীয়াৰ কবলত পৰিছে। অবৈধ বালি খনন আৰু অবৈধ কাঠফলা মিল বন্ধৰ দাবী আছুয়ে বাৰম্বাৰ বন বিভাগৰ ওচৰত দাবী উত্থাপন কৰাৰ পিছতো ৰহস্যজনকভাৱে কাঠফলা মিল আৰু বালি খনন বন্ধ নহয় বুলি আছুৰ ৰাজ্যিক সদস্য ফিৰোজ আল ফাৰুক খন্দকাৰ সাংবাদিকৰ আগত মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply