মানকাচাৰ : শুকুৰবাৰে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অনুষ্ঠিত হয় এখন ৰোমাঞ্চকৰ ফুটবল টুৰ্নামেণ্ট। সুদূৰ নাইজেৰিয়া আৰু অসমৰ খেলুৱৈৰ মাজত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখন চাবলৈ প্ৰায় ২০ সহস্ৰাধিক লোকৰ সমাগম হয়।

যোৱা আগষ্ট মাহৰ পৰা আৰম্ভ হোৱা উক্ত ফুটবল টুৰ্নামেণ্টৰ শুকুৰবাৰে অনুষ্ঠিত চূড়ান্ত খেলখন ভাৰত-বাংলাদেশ সীমান্তৰ সিপাৰৰ পৰা বাংলাদেশৰ লোকেও উপভোগ কৰে।

৩২ টা দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাৰ কালিৰ চূড়ান্ত খেল মানকাচৰৰ কাকৰিপৰা দল আৰু মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ ছালমনপাৰা দলৰ মাজত অনুষ্ঠিত হৈছিল।

ইয়াৰে, ছালমনপাৰা দলে নাইজেৰিয়াৰ পৰা ১১ গৰাকী খেলুৱৈ হায়াৰ কৰি অনাৰ লগতে মানকাচৰৰ কাকৰিপাৰা দলে গুৱাহাটী আৰু নগাঁৱৰ পৰা ১১ গৰাকী খেলুবৈ হায়াৰ কৰি আনিছিল।

প্ৰতিযোগিতাখনত কাকৰিপাৰা দল ২-১ গ’লৰ ব্যৱধানত ছালমনপাৰা দলক পৰাস্ত কৰে।

নাইজেৰিয়া আৰু অসমৰ খেলুৱৈৰ মাজৰ ৰণ চালবলৈ সীমান্তত দৰ্শকৰ হেতা-ওপৰা লাগে। খেলপথাৰৰ চাৰিওফালে দৰ্শকৰ ব্যাপক ভিৰ হোৱা দেখিবলৈ পোৱা যায়।

আনকি সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানেও কৰ্তব্যৰ মাজে মাজে খেল উপভোগ কৰে। তদুপৰি কাঁইটীয়া তাঁৰৰ বেৰাৰ সিপাৰে বাংলাদেশ লোকও সীমান্তত থিয় দি খেল উপভোগ কৰা দেখা গ’ল।

প্ৰতিযোগিতাৰ অন্তত চূড়ান্ত বিজয়ী দলক নগদ ২০ হেজাৰ টকা আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হয়।

লগতে পঢ়ক : উপ নিৰ্বাচন : অন্তিম দিনা ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply