মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। যিকোনো মুহূৰ্তত নদীৰ বুকুত বিলীন হ’ব পাৰে বিএছএফৰ পৰীক্ষণ চকী, কাঁইটীয়া তাঁৰৰ বেৰ আৰু ভাৰত বাংলাদেশ সীমান্ত সংযোগী পথ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিশুমাৰা, কোকৰাডাঙ্গাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ, বিএছএফৰ পৰীক্ষণ চকী আৰু সীমান্ত সংযোগী পথৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তৰ গাঁৱত ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াবহভাৱে চলাই আছে গৰাখহনীয়া।

আৰু পঢ়কঃ মানকাচৰত প্ৰাদেশীকৃত বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

চপৰা-চপৰে নদীৰ পাৰ খহি থকাৰ ফলত বৰাইৰ আলগা বিএছএফ কেম্প এলেকাৰ এখন বিএছএফ পৰীক্ষণ চকী, জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা সীমান্তলৈ সীমান্ত সংযোগী পথৰ লগতে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ নদীয়ে যিকোনো মুহূৰ্তত উটুৱাই নিব পাৰে। বাৰিষা অহাৰ পূৰ্বে খৰাং বতৰত এইদৰে নদীৰ পাৰত ভয়াবহ খহনীয়া চলি থকাক লৈ চিন্তিত হৈ পৰিছে সীমান্তবৰ্তী গঞা ৰাইজ।

প্ৰায় ৩০-৩৫ বছৰ পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত নাছিল কাঁইটীয়া তাঁৰৰ বেৰ। সেই সময়ত কাঁইটীয়া তাঁৰৰ বেৰ নথকাৰ সুযোগ লৈ বাংলাদেশী দুস্কৃতিকাৰীয়ে মানকাচৰৰ বিভিন্ন গাঁৱত প্ৰৱেশ কৰি চুৰি, ডকাইতি কৰি নিশাৰ ভিতৰত পলাই গৈছিল বাংলাদেশলৈ। অৱশ্যে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ হোৱাৰ পিছত এই ভয়াবহ সমস্যাৰ সমাধান ঘটিছে যদিও পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিব নেকি তাক লৈ শংকিত হৈছে সাধাৰণ ৰাইজ।

ভাৰত-বাংলাদেশ সীমান্তত এইদৰে গৰাখহনীয়া চলি থাকিলে কাঁইটীয়া তাঁৰৰ বেৰ নদীৰ বুকুত বিলীন হৈ পুনৰ উন্মক্ত হ’ব আন্তৰাষ্ট্ৰীয় সীমান্ত ফলত ৩০-৩৫ বছৰ পূৰ্বৰ ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি সীমান্তবৰ্তী ৰাইজে শংকাত ভুগিছে।

মন কৰিবলগীয়া যে সীমান্তৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ জৰিয়তে চৰকাৰে কেবা কোটি টকাৰ জিঅ বেগৰ কাম মোকোলাই দিছে। খহনীয়া ৰোধৰ কামৰ দায়িত্ব লাভ কৰা স্থানীয় দুজনকৈ ঠিকাদাৰে কোটি টকীয়া কামৰ ক্ষেত্ৰত চৰম দুৰ্নীতিত লিপ্ত হৈ ভালকৈ কাম নকৰাৰ ফলত যিখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে সেৱাও নদীৰ বুকুত উটি যাবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply