মানকাচৰ – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কুকুৰমাৰাত শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এক ভয়াবহ পথ দুর্ঘটনা। শিল ভৰ্তি ট্ৰাক এখন দুর্ঘটনাগ্ৰস্ত হোৱাত ট্ৰাকখনৰ চালকসহ দুজন লোক আহত হয়।

ভাৰত-বাংলাদেশ সীমান্তৰ হাটশিঙিমাৰী-মানকাচৰ পথৰ কুকুৰমাৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। প্ৰাপ্ত খবৰ মতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আছামকাটা হৈ মানকাচৰ অভিমুখে গৈ থকা এমএইচ-১২-এলটি-০৭২৩ নম্বৰৰ শিল ভৰ্তি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই দুর্ঘটনাগ্ৰস্ত হয়। দুর্ঘটনাৰ ফলত ট্ৰাকখনৰ চালকসহ হেণ্ডিমেনজন আহত হয়। আহত দুয়োকে মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

ট্ৰাকখনত থকা শিলখিনি বাংলাদেশলৈ ৰপ্তানি কৰাৰ বাবে মানকাচৰৰ সাহাপাৰা বি এছ এফ কেম্পৰ ওচৰত নি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনৰ অৱস্থা সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply