ধুবুৰী : এ আই ইউ ডি এফ দলৰ ধিংৰ বিধায়ক আমিনুল ইছলামে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত এইবাৰ দলটোৰ অন্য গৰাকী আমিনুল ইছলামে মুখ খুলিছে অখিলৰ বিৰুদ্ধে। সংবাদ মাধ্যাকৰ আগত অখিক তীব্ৰ সমালোচনা দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ।

কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে যোৱা কেইটামান দিন ধৰি এ আই ইউ ডি এফৰ ধিংৰ বিধায়ক আমিনুল ইছলামে বিস্ফোৰণ ঘটাই আছে। ধিংৰ বিধায়ক আমিনুল ইছলামে অখিল গগৈৰ বিৰুদ্ধে দহ কোটি টকা বিচৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে।

ধিংৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগৰ মাজতে এইবাৰ এ আই ইউ ডি এফৰ একে নামৰ আন এগৰাকী বিধায়কে অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। দলটোৰ সাধাৰণ সম্পাদক তথা মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ধুবুৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তীব্ৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈক।

অখিল গগৈৰ প্ৰতিটো আন্দোলনেই ক্ষতি হৈছে বুলি দাবী কৰি আন্দোলনৰ আঁৰত কিবা ৰহস্যৰ গোন্ধ পাইছে বুলি মন্তব্য কৰিছে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। অখিল গগৈক মেৰুদণ্ডহীন ৰাজনৈতিক ব্যক্তি বুলিও আখ্যা দিছে বিধায়ক আমিনুল ইছলামে। ইপিনে জিএমচিএইচত নিশা দুই বজাত চি চি কেমেৰা বন্ধ কৰি কাৰ লগত কি আলোচনা কৰিছে অখিল গগৈয়ে সেয়াও জানে বুলি মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে।

লগতে পঢ়ক : লণ্ডন অলিম্পিকত শিখা বহনকাৰী পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিলে নিযুক্তি পত্ৰ

আনকি অখিল গগৈয়ে কংগ্ৰেছৰ পৰা কিমান লৈছে সেয়াও জানে বুলিও দাবী কৰিছে বিধায়ক আমিনুল ইছলামে। কিন্তু বিজেপিৰ পৰা কিমান বিচাৰিলে আৰু কিমান পালে সেয়া সময়ত ক’ব বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply