মানকাচৰ : মানকাচৰত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত জিলা উপায়ুক্ত, বিধায়কে মুকলি কৰিলে বিধায়ক আদৰ্শ গাঁৱৰ প্ৰৱেশ দুৱাৰৰ আধাৰশিলা। অসম আদৰ্শ গ্ৰাম যোজনা আঁচনিৰ অধীনত দেওবাৰে মানকাচৰ সমষ্টিৰ মালিৰ আলগা গাঁও পঞ্চায়তখন আদৰ্শ গাঁও হিচাপে জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক গৰাকীয়ে পাঞ্চায়তখনৰ প্ৰৱেশ দুৱাৰৰ কামৰ আধাৰশীলা স্থাপন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখযোগ্য যে দিনৰ ১০ বজাত জিলাখনৰ মানকাচৰ সমষ্টিৰ অধীনত থকা মালিৰ আলগা আদৰ্শ গাঁও পঞ্চায়ত প্ৰৱেশ দুৱাৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত এইচ এন গৌতম উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক আমিনুল ইছলাম।
লগতে পঢ়ক : অইল ইন্ডিয়াৰ বিভেদকামী বিজ্ঞাপনক লৈ আলফা স্বাধীনৰ প্ৰতিবাদ
এ আই ইউ ডি এফৰ জিলা সভাপতি নাজমুল অৰপিন, মালিৰ আলগা গাঁও পঞ্চায়তৰ সভানেত্ৰী মৰজিনা বেগম উপস্থিত থাকি আদৰ্শ গাঁৱৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত সাধাৰণ ৰাইজক লৈ উপায়ুক্ত, বিধায়কৰ এক সভা অনুষ্ঠিত হয়। সভাখনত উপায়ুক্ত গৰাকীৰ লগতে বিধায়ক গৰাকীয়ে ভাষণ দি আদৰ্শ গাঁও পঞ্চায়ত কেনেকৈ আগুৱাই নিব পাৰিব আৰু ৰাইজে কি কি সুবিধা লাভ কৰিব পাৰিব সেই সম্পৰ্কে মত ব্যক্ত কৰে।