হাটশিঙিমাৰী : জিলা প্ৰসাশনৰ কঠোৰ নিৰ্দেশৰ পিছত হাটশিঙিমাৰীত আৰক্ষীৰ অভিযান। মাক্স পৰিধান নকৰা লোকক আৰক্ষীয়ে বিহিছে জৰিমনা। ঘৰৰ পৰা বাহিৰত ওলাই অহা সকলো লোকক মাক্স পৰিধান কৰাৰ বাবে আহ্বান জনাইছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ নিৰ্দেশ মতে আৰক্ষীয়ে মুখত মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে এক তালাচী অভিযান চলাই কেবাজনো লোকক জৰিমনা বিহাৰ ব্যৱস্থা কৰে। জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছমিৰন ডেকাৰ নেতৃত্বত জিলাৰ সদৰ হাটশিঙিমাৰীৰ এইছ এম ৰোডত মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰক্ষীয়ে।
ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে জিলাবাসীক ঘৰৰ পৰা বাহিৰত ওলাই আহিলে মাক্স পৰিধান কৰাৰ নিৰ্দেশ প্ৰদান কৰি মাইকযোগে জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলোৱাৰ পিছত আৰক্ষী প্ৰশাসন কঠোৰ হৈ মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। জিলাৰ সদৰ হাটশিঙিমাৰীৰ লগতে মানকাচৰ, দক্ষিণ শালমাৰা, ফকিৰগঞ্জ এলেকাতো আৰক্ষীয়ে মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে।
হাটশিঙিমাৰীত আৰক্ষীয়ে চলোৱা অভিযান কালত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজা উপস্থিত থাকি জিলাখন কভিডৰ পৰা সুৰক্ষিত কৰি ৰক্ষাৰ বাবে মাক্স পৰিধান কৰি বাহিৰত ওলাবলৈ ৰাইজক আহ্বান জনায়। একেদৰে যি সকল লোক চৰকাৰ তথা জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা নামানিব তেওঁলোকক আৰক্ষীয়ে ১০০০ টকাৰ জৰিমনা বিহিব বুলি প্ৰকাশ কৰি কয় যে ৰাইজে সহযোগিতা কৰিলে এইখন জিলা সুৰক্ষিত হৈ থাকিব।