দক্ষিণ শালমাৰা : ভয়াবহ ক’ভিড পৰিস্থিতিৰ মাজতো ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ বেহা। সান্ধ্য আইন চলি থকাৰ মাজতো একাংশ গৰু সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰুৰ সৰবৰাহ। বিশেষকৈ নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে গৰুৰ চোৰাং সৰবৰাহ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মণিৰচৰৰ দুটা পৃথক স্থানত আৰক্ষীয়ে এক অভিযান চলাই ৮ টাকৈ চোৰাং গৰুসহ দুজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে চোৰাং গৰুৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই এই সাফল্য লাভ কৰে।

লগতে পঢ়ক : বানাক্ৰান্তসকললৈ তাৎক্ষণিকভাৱে সাহায্য প্রদানৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীৰ নির্দেশ

মণিৰচৰ গাঁও পঞ্চায়তৰ দুটা পৃথক পৃথক স্থানত আৰক্ষীয়ে অভিযান চলাই ধুবুৰী জিলাৰ মন্ত্ৰীৰচৰ গাঁৱৰ মহৰ উদ্দীনৰ পুত্ৰ ইনামূল হক আৰু কাছেম আলীৰ পুত্র শুকুৰ আলীক চোৰাং গৰুসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা মুঠ ৮ টা গৰু জব্দ কৰাৰ লগতে ধৃত গৰু সৰবৰাহকাৰী দুজনক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰাত আদালতে দুয়োকে জেললৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply