মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বালুঘাটত জোতাৰ দোকানত আৰক্ষীৰ অভিযান। জোতাৰ দোকানখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ড্ৰাগছৰ বেহাৰ লগত জড়িত তিনিজন লোক গ্ৰেপ্তাৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বালুঘাট বজাৰৰ এখন জোতাৰ দোকানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায়ই বিগত কিছুদিন ধৰি তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষী বিষয়াজনে এক গোপন খবৰৰ ভিত্তিত বালুঘাট বজাৰৰ জোতাৰ দোকানত ড্ৰাগছ বিৰোধী অভিযান চলাই এই সাফল্য লাভ কৰে। বজাৰখনত থকা আছাদুল ইছলাম নামৰ ব্যৱসায়ীজনৰ জোতাৰ দোকানত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেটৰ লগতে ড্ৰাগছ জব্দ কৰে। ঘটনাৰ লগত জড়িত জোতাৰ ব্যৱসায়ীজনৰ লগতে আন দুজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: মিকিৰবামুণীত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস উদযাপন

ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে ক্ৰমে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰী গাঁৱৰ মহৰ আলিৰ পুত্ৰ আছাদুল ইছলাম, শ্বলীয়া গাঁৱৰ আবুল সৰকাৰৰ পুত্ৰ মুনটু ওৰফে শ্বাহানুৰ আৰু একেখন গাঁৱৰ নজৰ উদ্দীন আহমেদৰ পুত্ৰ শ্বৰীফ আহমেদ। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিউজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply