মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত এবছৰীয়া পুত্ৰসহ আহত হৈছে এগৰাকী মাতৃ। সংকটজনক অৱস্থাত মাতৃ-পুত্ৰৰক গুৱাহাটীলৈ প্ৰেৰণ। গুৱাহাটীলৈ নিয়াৰ পথত শিশুটি মৃত্যুৰ মুখত পৰে।

দেওবাৰে নিশাৰ ভাগত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত জোৰডাঙ্গাত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় শিশুসহ মহিলা। আৰ্মিনা খাতুন নামৰ এগৰাকী মাতৃ এবছৰীয়া শিশু আৰিফুল ইছলামসহ আহত হয় পথ দুর্ঘটনাত।

জানিব পৰা মতে ৰাস্তা পাৰা হোৱাৰ সময়ত এমএল-০৮-জি-০৮৩৬ নম্বৰৰ ধ্ৰুতবেগী পিক আপ ভেন এখনে মাতৃ-পুত্ৰক খুন্ধা মৰাত দুয়ো গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত দুয়োকে মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও অৱস্থা অধিক জটিল হোৱাৰ বাবে চিকিৎসকে তৎকালীনভাৱে মাতৃ-পুত্ৰক গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীলৈ নিয়াৰ পথত শিশুটি মৃত্যুৰ মুখত পৰে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : অসমৰ চাহবাগিছাত এতিয়াৰে পৰা বৃদ্ধি পাব অৰ্থ’ডক্স চাহ

পথ দুর্ঘটনাত মাতৃ-পুত্ৰ অহাত হোৱা ঘটনাক কেন্দ্ৰ কৰি নিশাৰ ভাগত জোৰডাঙ্গাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। দুর্ঘটনা সংঘটিত কৰি পিক আপ ভেনৰ চলকজন পলায়ন কৰে। পিক আপ ভেনখন হাটছিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী ইতিমধ্যে জব্দ কৰিছে পিক আপ ভেনখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply