মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কঠালবাৰীত বৃহস্পতিবাৰে নিশাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। মটৰ চাইকেল আৰু যাত্ৰীবাহী টেম্পুৰ মাজত মুখামুখী সংঘৰ্ষত দুজনকৈ বাইক আৰোহী গুৰুত্বৰভাৱে আহত হয়।
উল্লেখযোগ্য যে এএছ-০৪-১৪৭৯ নম্বৰৰ এখন মটৰ চাইকেলত দুজন যুৱক হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা নম্বৰ বিহীন টেম্পু গাড়ীখনৰ সৈতে মুখামুখী সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত দুই বাইক আৰোহী গুৰুত্বৰভাৱে আহত হয়। আহত বাইক আৰোহী দুজন হৈছে মানকাচৰ থানা এলেকাৰ তেলিপাৰা গাঁৱৰ মামুন হুছেইন আৰু ফিৰোজ আলম।
লগতে পঢ়ক : নিশাৰ ভাগত ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড
আহত দুয়োকে ততাতৈয়াকৈ স্থানীয় গজাৰীকান্ধী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও বাইক চালক মামুন হুছেইনৰ অৱস্থা সংকটজনক হোৱা বাবে তেওঁক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰালৈ প্ৰেৰণ কৰা হৈছে।