দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত আইৰকাটা বজাৰত দেওবাৰে সংঘটিত হয় এক ডকাইতি কাণ্ড। ৮ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে নগদ ধন, সোনৰ আ-অলংকাৰসহ দুই লক্ষাধিক টকাৰ সম্পত্তি লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আইৰকাটা বজাৰৰ সাহেব আলী মণ্ডলৰ পুত্ৰ খাইৰুল আলম মণ্ডলৰ ঘৰত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। প্ৰাপ্ত বাতৰি মতে বজাৰখনত থকা সাহেব ড্ৰাগছ হাউজৰ স্বত্বাধিকাৰী খাইৰুল আলম মণ্ডল দোকানৰ পিছফালে ঘৰ বনাই বসবাস কৰি আহিছে। নিশাৰ আহাৰ গ্ৰহণ কৰি টোপনিত লালকাল হৈ থকাৰ সময়ত পুৱতি নিশাৰ ভাগত এটা ডকাইত ঘৰৰ পিছফালে শৌচালয়ৰ ওপৰেদি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ দৰ্জা খুলি দিয়াত ৮ জনীয়া ডকাইতৰ দল ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।

ঘৰৰ গৰাকীজনৰ লগতে পত্নী আৰু কণমানি পুত্ৰৰ মূৰত পিষ্টল ধৰি লোকজনৰ হাত-ভৰি বান্ধি দিয়াৰ লগতে চকু বান্ধি ডকাইতৰ দলে লুটপাত চলায়। ডকাইতৰ দলটোৱে সাহেব আলীৰ পত্নীৰ ডিঙিত থকা সোণৰ চেইন, খাৰুসহ ঘৰৰ আ-অলংকাৰ কাঢ়ি নিয়াৰ উপৰিও জমা কৰি ৰখা নগদ প্ৰায় ১ লাখ টকা লুটি নিয়ে। প্ৰায় ১৫ মিনিট ধৰি এইদৰে লুটপাত কৰাৰ পাছত ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ডকাইতৰ দলটো প্ৰথমে প্ৰৱেশ কৰি ঘৰ খনত থকা তিনিটা মোবাইল ফোন ভাঙি নষ্ট কৰে। ঘটনাক লৈ লোকজনে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰাত দিনৰ প্ৰায় দুই বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰয় আৰু ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম ৰাউটিয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰি পঢ়কঃ বশিষ্ঠ শ্মশান পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ কয় যে ঘটনাৰ তদন্ত চলি আছে আৰু বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই যদিও সোনকালে দোষী কৰায়ত্ব হ’ব।উল্লেখ্য যে ৰাজ্যজুৰি সান্ধ্য আইন চলি থকাৰ মাজত কিদৰে বজাৰখনত অস্ত্ৰধাৰী ডকাইতৰ দলটো ডকাইতি কৰিবলৈ সাহস পালে তাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply