মানকাচৰ – সুযোগৰ ব্যৱহাৰ কৰি চোৰৰ চাফাই অভিযান। সুযোগৰ ব্যৱহাৰ কৰি মন্দিৰত নিশা চোৰে চলালে লুটপাত। আৰক্ষীৰ নাকৰ তলৰ পৰাই চোৰে মন্দিৰৰ পৰা লুটি নিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।
মঙলাবাৰে নিশাৰ ভাগত অহা বৰষুণজাকে যেন মানকাকৰত চোৰক সুযোগ দিলে চুৰিকাণ্ড সংঘটিত কৰাৰ। নিশাৰ ভাগত বৰষুণজাক পাই গভীৰ নিদ্ৰাত মগ্ন থকা মানকাচৰ আৰক্ষীৰ নাকৰ তলতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।
মানকাচৰ থানাৰ কাষতে থকা গোপাল মন্দিৰত নিশা চোৰৰ দলে প্ৰৱেশ কৰি লুটি নিয়ে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। চোৰৰ দলটোৱে মন্দিৰৰ পৰা ৰূপৰ মুকুট আৰু নগদ ধনসহ বহু মূল্যবান সামগ্রী লুটি নিয়ে।
আৰক্ষীৰ নাকৰ তলতে ধৰ্মীয় অনুষ্ঠানত এইদৰে চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই মানকাচৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে জিলাখনত পূৰ্বেও বহু কেইটা ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড সংঘটিত হৈছে।