মানকাচৰ – মানকাচৰৰ তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড।নগদ ৫০ হেজাৰ টকা, বহু প্ৰয়োজনীয় নথিপত্ৰসহ এটা ঘৰ ভস্মীভূত। কন্যাৰ স্বামীয়ে ঘৰ জ্বলাই দিয়াৰ অভিযোগত এজাহাৰ দাখিল।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ তিনিআলিত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এগৰাকী বিধৱা মহিলাৰ নগদ ধন, বহু প্ৰয়োজনীয় নথিপত্ৰসহ বিধৱা মহিলা গৰাকীৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত মানকাচৰৰ তিনিআলি গাঁৱৰ মমিনা বেওৱা নামৰ মহিলা গৰাকী নিশাৰ অহাৰ গ্ৰহণ কৰি ঘৰত কন্যাৰ সৈতে শুই থকা অৱস্থাত কন্যাৰ স্বামী ছামিৰুল ইছলাম মহিলা গৰাকীৰ ঘৰত উপস্থিত হয়। আন দিনৰ দৰে মদ্য পান কৰি ছামিৰুল ইছলামে পত্নীসহ শাশুয়েৰেকক প্ৰহাৰ কৰিবলৈ ধৰাত দুয়ো বাধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত পৰিয়ালটোৰ একমাত্ৰ বাসগৃহত অগ্নি সংযোগ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছামিৰুল ইছলাম।

ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়ালটোৰ একমাত্ৰ বাসগৃহ জুইত সম্পূৰ্ণৰূপে জাহ যায়। দিন হাজিৰা কৰি জমা কৰি থোৱা নগদ ৫০ হেজাৰ টকা, এন আৰ চিকে ধৰি সকলো প্ৰকাৰৰ নথিপত্ৰ অগ্নিকাণ্ডত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলিও জানিব পৰা গৈছে। স্থানীয় ৰাইজে কোনোমতে জুই নিৰ্বাপন কৰাত আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা গাঁওখন ৰক্ষা পৰে।

কন্যাৰ স্বামী ছামিৰুল ইছলামে মমিনা বেওৱা নামৰ মহিলা গৰাকীৰ ঘৰত অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন কৰি মমিনা বেওৱাৰে আৰক্ষীৰ কাষ চাপিছে। ঘটনা সংক্ৰান্তত মমিনা বেওৱাৰে মানকাচৰ থানাত ছামিৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply