দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ লগতে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ লগত নাম সাঙুৰ খাইছে সেই সময়ৰ উপায়ুক্ত আতিকা চুলতানাৰ নাম৷ তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত লিখিত অভিযোগ মানকাচৰ গাঁও বুঢ়া সন্থাৰ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমান গ্ৰেপ্তাৰ হোৱাৰ পিছত এটাৰ পিছত আন এটা দুৰ্নীতিৰ তথ্য পোহৰলৈ অহিছে৷ এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৭০ টা গাঁওবুঢ়া পদৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সেইসময়ৰ উপায়ুক্ত আতিকা চুলতানাৰ বিৰুদ্ধে৷
২০১৭-১৮ চনত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আতিকা চুলতানা উপায়ুক্ত আৰু ছৈবুৰ ৰহমান অতিৰিক্ত উপায়ুক্ত থকা অৱস্থাত ৭০ টা গাঁওবুঢ়া পদৰ নিযুক্তিত কেলেংকাৰী কৰাৰ অভিযোগ মানকাচৰ গাঁওবুঢ়া সন্থাৰ৷ ছৈবুৰ ৰহমান আৰু সেই সময়ৰ উপায়ুক্ত আতিকা চুলতানাই প্ৰতিটো গাঁওবুঢ়া পদৰ বাবে ৫ ৰ পৰা ১২ লাখ টকাকৈ সংগ্ৰহ কৰি যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ তুলি মানকাচৰ গাঁওবুঢ়া সন্থাই মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষক এখন লিখিত অভিযোগ দাখিল কৰিছে।
লগতে পঢ়ক : জামিনত ওলাই আকৌ আৰম্ভ ড্ৰাগছৰ ব্যৱসায়
ধৃত ছৈবুৰ ৰহমানৰ লগতে সেই সময়ৰ উপায়ুক্ত আতিকা চুলতানাৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে মানকাচৰ গাওঁ বুঢ়া সন্থাই। মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে দক্ষিণ ছালমাৰা-মানকাচৰ জিলাৰ ধৃত অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমান আৰু সেই সময়ৰ উপায়ুক্ত আতিকা চুলতানাৰ বিৰুদ্ধে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ তদন্ত অতি শীঘ্ৰে আৰম্ভ কৰিব লাগে দাবী জনাইছে।