দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৰ ঝাওডাঙ্গাত কালি বি এছ এফৰ এখন পেট্ৰলিং বাহন দুর্ঘটনাত পতিত হৈ পানীত নিখোজ হৈ থকা বি এছ এফৰ আন এজন জোৱানৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে কালি দিনৰ প্ৰায় ১২ বজাত পাঁচ বি এছ এফ জোৱানে এ এছ ০১ ডব্লিউ ১৭০৮ নম্বৰৰ বি এছ এফৰ জিপচি বাহন খন সীমান্তত পেট্ৰলিং কৰি থকা অৱস্থাত চালক জনে নিয়ন্ত্ৰণ হেৰুৱাই দুর্ঘটনাত পতিত হয়। বাহন খন সীমান্ত পথৰ পৰা এখন জলাশয়ত ডুব যায়। লগে লগে বাহন খনৰ পৰা তিনি জন জোৱানে নিজৰ প্ৰাণ ৰক্ষা কৰি জলাশয়ৰ পৰা আহত অৱস্থাত উঠি আহে যদিও বাহন খনৰ চালক আৰু কনিষ্টবল এজন নিখোজ হৈ পৰে।

এই ঘটনাৰ পাছতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ, আৰক্ষী-বি এছ এফৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই কালি বাহন খনৰ লগতে বাহন খনৰ চালক জোৱান ধৰ্মেন্দৰ কাছানাক উদ্ধাৰ কৰে। নিশা প্ৰায় ৯ বজালৈ আন জন কনিষ্টবল জোৱানক উদ্ধাৰ কৰিব নোৱাৰি কালি অভিযান স্থগিত কৰে যদিও আজি পুনৰ পুৱাৰ ভাগত অভিযান চলায় । আজি দিনৰ প্ৰায় ১১ বজাত পানীৰ মাজত নিখোজ হৈ থকা জিতেন্দ্ৰ কুমাৰ পাণ্ডেৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে মৃতদেহ দুটা আৰক্ষীয়ে নিজৰ জিম্মাত নি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। নিহত জোৱান ধৰ্মেন্দৰৰ ঘৰ পঞ্জাৱত আৰু জিতেন্দ্ৰৰ কুমাৰ পাণ্ডেৰ ঘৰ বিহাৰত বুলি বি এছ এফ সূত্ৰে প্ৰকাশ কৰিছে।

লগতে পঢ়ক- মানকাচৰৰ বাংলাদেশ সীমান্তত BSFৰ বাহন দুর্ঘটনাগ্ৰস্ত, দুজন নিহত

দেশ সুৰক্ষাৰ বাবে অত্যন্ত প্ৰহৰী হৈ দিনে নিশাই সীমান্তত পহৰা দিয়া জোৱান সকলৰ বাহন খন সীমান্তত এইদৰে দুর্ঘটনা সংঘটিত হোৱা ঘটনাই বি এছ এফ জোৱান সকলৰ লগতে জিলা খনত ৰাইজৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হলে জোৱানৰ নীতি মতে দুয়োৰে মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়া হব বুলি বি এছ এফে জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply