দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তবৰ্তী বৰঝোৰা গাঁৱত শনিবাৰে সন্ধিয়া এক ভয়াবহ পথ দুর্ঘটনা সংঘটিত হয়। সন্ধিয়া প্ৰায় ৭ বজাত পিক আপ ভেন এখনে যুৱক এজনক তীব্ৰ বেগত খুন্দা মৰাৰ ফলত যুৱকজন থিতাতে নিহত হয়। পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

ৰাজ্যজুৰি ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে সান্ধ্য আইন চলি থকাৰ মাজত একাংশ দুষ্ট চক্ৰই আৰক্ষীক কেৰেপ নকৰি দিনে-নিশাই চোৰাংভাৱে শিল, বালি তথা অবৈধ কাঠ কঢ়িয়াই অহা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ মাজত শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পিক আপ ভেন এখন জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ সন্মুখেৰে মেঘালয়ৰ দিশে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত চিকিৎসালয়খনৰ কাষত ৰখি থকা বাহন এখনক খুন্ধা মাৰে।

পিক আপ ভেনৰ চালকজন ইমানতেই ক্ষান্ত নাথাকি আৰু অধিক তীব্ৰ গতিৰে হাস্পাতালৰ পৰা পলায়ন কৰি অসম-মেঘালয় সীমান্তবৰ্তী বৰঝোৰা গাঁৱৰ আগিয়া-তুৰা এন ই চি পথত গাঁৱখনৰ জচিম উদ্দীন শেখৰ পুত্ৰ ছাইফুল ইছলামক তীব্ৰ বেগত খুন্ধা মাৰে। পিক আপ ভেনৰ তীব্ৰ খুন্ধাত যুৱকজন থিতাতে নিহত হয়। দুর্ঘটনা সংঘটিত কৰি পিক আপ ভেনখন মেঘালয়ৰ দিশে পলায়ন কৰে।

দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও ৰাইজে পিক আপ ভেনখন জব্দ কৰি চালক জনক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আৰক্ষীক দাবী জনায়। পথ দুৰ্ঘটনাত এজন স্থানীয় যুৱক মৃত্যু মুখত পৰা ঘটনাক লৈ ৰাইজৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply