গুৱাহাটীঃ বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিৰ,২০২২ ৰ উদ্যোগত কামৰূপী লোকগীতৰ শিল্পী সকলক উদগনি জনোৱাৰ অৰ্থে আজি বেলতলা ব’হাগী উৎসৱত প্ৰদান কৰা হয় ‘মন্মথ বৈশ্য সোঁৱৰণী বঁটা’। বিশিষ্ট কামৰূপী লোকগীতৰ শিল্পী চুমি ডেকাক প্ৰদান কৰা হয় এই বঁটা।

কোভিড কালীন পৰিবেশৰ বাবে ১ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত আজি বেলতলা বহাগী উৎসৱৰ বৰ্ণাঢ্য মঞ্চত বিজয়ী প্ৰতিযোগী গৰাকীক ” মন্মথ বৈশ্য সোঁৱৰণি বঁটা” প্ৰদান কৰা হয়। এই বঁটাত অন্তৰ্ভুক্ত আছে এটি ট্ৰফী, প্ৰশস্তি পত্ৰ , এখনি অংগৱস্ত্ৰ আৰু নগদ ৫০,০০০ টকা।

উল্লেখ্য যে, মন্মথ বৈশ্য আছিল বিশিষ্ট গীতিকাৰ,সুৰকাৰ, অনাতাৰ শিল্পী তথা কামৰূপী লোকগীতৰ আজন্ম সাধক। মানৱ দৰদী সমাজকৰ্মী গৰাকীৰ কলমেৰে নিগৰিছিল কেইবাটাও কালজয়ী অমৰ সৃষ্টি, যি অসমীয়াৰ হৃদয়ত চিৰ প্ৰবাহমান।

লগতে পঢ়কঃঢোল-পেঁপা গগণাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ ৰঙাচকুৱা বিহুমেলাৰ বিহু মঞ্চ

ষাঠীৰ দশকৰ পৰাই তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। জনপ্ৰিয় গীতিকাৰ গৰাকীয়ে দি গৈছে ‘নমামি ব্ৰহ্মপুত্ৰ’ প্ৰমুখ্যে কেইবাটাও শীৰ্ষক সংগীত যি সৰ্ব্বত্ৰে উচ্চ প্ৰশংসিত আৰু জনপ্ৰিয়। থলুৱা সুৰ আৰু আবেগেৰে ৰচা ”বেলি গ’ল গধূলী হ’ল” প্ৰমুখ্যে সুমধুৰ গীতেৰে শ্ৰব্যকেছেট ‘পৰাগ’ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বৰগীতৰ প্ৰথম কেছেট ‘মধুৰ মূৰতি’ অসম আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি তেখেতৰ গভীৰ প্ৰেম আৰু বিশ্ব দৰবাৰত প্ৰতিস্থা কৰোৱাৰ দুৰ্বাৰ হেঁপাহৰ চানেকী হৈ ৰ’ব।

অসমীয়া জন-জীৱনৰ এটি নিচেই আপোন গীত ‘অ’ ফুলেশ্বৰী বুকুৰে লগৰী’ তেওঁৰে সৃষ্টি।অগতানুগতিক চিন্তাৰে নিজৰ কথা, সুৰ তথা পৰিচালনাৰে ‘অপৰম্পৰাগত লোকগীত’ নামেৰে নামাকৰণ কৰি অসমবাসীলৈ উপহাৰ দিছিল নব্বৈ দশকৰ অন্যতম জনপ্ৰিয় শ্ৰাব্য কেছেট ‘ফুলেশ্বৰী’।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply