গুৱাহাটী – বিজেপিৰ হাতত ৬১ বিধায়ক। একক সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে আৰু মাথো ৩ গৰাকী বিধায়ক। এনে পৰিস্থিতিত কালি ৰঙিয়াত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিস্ফোৰক মন্তব্য। বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক, এইবুলি মন্তব্য় কৰাৰ পিছতে বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদ আৰু ইউপিপিএল শিবিৰত লাগিছে হাহাকাৰ। একক সংখ্যাগৰিষঅঠ হোৱা মানেই মিত্ৰজোঁটৰ আন দলৰ প্ৰভাৱ হ্ৰাস পাব। নিসন্দেহে এয়া শুভ লক্ষণ নহয় দুয়োটা দলৰ বাবেই।

উল্লেখ্য যে ইতিমধ্যেই বিধায়কৰ লগতে ৰাজ্যৰ এগৰাকী শীৰ্ষ নেতাও বিজেপিলৈ অহাৰ ইংগিত দিছে ৰাজ্যিক সভাপতি কলিতাই। তেওঁ লগতে স্পষ্টভাৱে কৈছে যে বিধায়কৰ লগতে কেইবাটাও সংগঠনৰ নেতৃবৃন্দইয়ো বিজেপিৰ সৈতে ইতিমধ্যে কথা পাতি আছে। শীঘ্ৰেই এই আলোচনা সম্পূৰ্ণ কৰা হ’ব আৰু সেই অনুসৰিয়েই ছেপ্টেম্বৰ মাহত ৰূপায়ণ কৰা হ’ব বিজেপিৰ মহাযোগদান কাৰ্যসূচী।

তেওঁ লগতে কয় যে, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে শেষ কৰা কংগ্ৰেছ এতিয়া পশ্চিম আকাশত। কংগ্ৰেছ দল অনাগত ২৫ বছৰলৈ বাহিৰত থাকিব লাগিব। লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিতে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব। ১২ খনতকৈ অধিক আসন লাভ কৰি জয়ী হ’ব মিত্ৰজোঁট। কালি ৰঙিয়াত যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত এই মন্তব্য সভাপতি ভৱেশ কলিতাৰ।

যদিহে কোনো বিধায়কে দলত যোগদান কৰে তেন্তে নিসন্দেহে কংগ্ৰেছৰ ৪ গৰাকী বিধায়কৰ নাম চৰ্চালৈ আহিছে। ইয়াৰ ফলত নিশ্চিতিভাৱে চাঁপ বাঢ়িব বিজেপি মিত্ৰজোঁটৰ আন দুয়োটা দলৰ ওপৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply