জামুগুৰিহাটঃ হেকাৰৰ কবলত পৰিছে জামুগুৰিহাটৰ বহুকেইগৰাকী লোক।
যোৱা কিছুদিন ধৰি কোনো দুষ্ট চক্ৰই জামুগুৰিহাটৰ বিভিন্নজন ব্যক্তিৰ বেংকৰ পৰা গোপনে টকা উলিয়াই নিয়াৰ ঘটনা সংঘটিত হৈ আহিছে ৷
বেংকৰ পৰা হেক কৰি টকা উলিয়াই নিয়াৰ সন্দৰ্ভত ভূক্তভোগী সকল বেংক কৰ্তৃপক্ষৰ ওচৰ চাপে যদিও কোনোধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ ৰঙাচকুৱাত ৷ ৰঙাচকুৱাৰ ১নং বাটমাৰীৰ পুনম সিং নামৰ ব্যক্তিজনৰ ভাৰতীয় ষ্টেট বেংকৰ 34821184243 একাউণ্ট নম্বৰৰ পৰা নগদ ৩৩,৫০০ টকা দুষ্ট চক্ৰই হেক কৰে ৷
লগতে পঢ়কঃ দৰঙত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
পুনম সিঙে ভাৰতীয় ষ্টেট বেংক ৰঙাচকুৱা শাখাত অৱগত কৰাৰ পাছতো বেংকৰ পৰিচালক গৰাকীয়ে গ্ৰাহকজনৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷
অৱশেষত পুনম সিং জামুগুৰি আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হৈছে ৷ সাধাৰণ ব্যৱসায়ৰে জীৱন নিৰ্বাহ কৰা পুনমে অতি কষ্টৰে বেংকত জমা থোৱা ধনকেইটা হৰলুকি হোৱাত দুখত ভাগি পৰিছে পুনমৰ লগতে সমগ্ৰ পৰিয়ালটি ৷ আনহাতে এই অঞ্চলতে সঘনাই এনে ঘটনা সংঘটিত হৈ থকাত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।