গুৱাহাটী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৪৩ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত গুৰুজনাক সোঁৱৰি নাম প্রসংগ অনুষ্ঠান আয়ােজন কৰা হয়। নলবাৰীৰ বৰক্ষেত্ৰীৰ পৰা অহা ভকত বৈষ্ণৱ বৃন্দই পৰিৱেশন কৰা নাম প্রসংগই মুখ্য কার্যালয়ৰ সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তােলে।

উক্ত অনুষ্ঠানত অংশগ্রহণ কৰি তথা গুৰুজনাৰ প্ৰতি সেৱা নিবেদন জনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে কয় যে দিল্লীত নামঘৰ প্রতিষ্ঠা কৰাৰ বাবে দিল্লীৰ উপ ৰাজ্যপালৰ সৈতে ইতিমধ্যে আলােচনা কৰিছে। আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, উত্তৰ পূবৰ ক্ষেত্রীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামােৱাল, অসম চৰকাৰৰ মন্ত্রী অশােক সিংহাল, পৰিমল শুক্লবৈদ্য আৰু যােগেন মােহনৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক :  শ্বিলঙৰ লেখক দাৰিভা লিণ্ডেমৰ ‘নেম প্লেচ এনিমেল থিং’ জেচিবি সাহিত্য পুৰস্কাৰ ২০২১ৰ বাবে তালিকাভুক্ত

উল্লেখ্য যে আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম জয়ন্তী। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী দিৱস উপলক্ষে আজিৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সভাপতি ভৱেশ কলিতাৰ লগতে দলৰ বিষয়ববীয়া সকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply