শিৱসাগৰ : ডিয়েগো মাৰাডোনাৰ হাত ঘড়ী উদ্ধাৰ হৈছে শিৱসাগৰত। শিৱসাগৰৰ এজন যুৱকৰ কবলৰ পৰা উদ্ধাৰ হৈছে মহান ফুটবল খেলুৱৈ ডিয়েগো মাৰাডোনাৰ হাত ঘড়ী।

অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মহান ফুটবল খেলুৱৈ ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা হাত ঘড়ী। শিৱসাগৰৰ ৱাজিদ হুছেইন নামৰ এজন যুৱকৰ কবলৰ পৰা অসম আৰক্ষীয়ে ডিয়েগো মাৰাডোনাৰ হাত ঘড়ী উদ্ধাৰ কৰিছে।

লগতে পঢ়ক : ‘আফস্পা’ বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় কন্যাক জনতা

আৰক্ষীয়ে ইতিমধ্যে ৱাজিদ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। হাবলট এডিশ্যনৰ এই মূল্যবান হাত ঘড়ীটোত আছে ডিয়েগো মাৰাডোনাৰ স্বাক্ষৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply