মৰাণ, স্বপনীল দেউৰীঃ বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মজয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হয় মৰাণত । মৰাণৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল অনুষ্ঠানটোত আজি হাজাৰ হাজাৰ ৰাইজৰ সাংস্কৃতিক শোভাযাত্ৰাই মোহিলে ৰাইজক। 

ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা, টিংখাং ৰাজগড় আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই সভা । সপ্তম  পঞ্চবাৰ্ষিক অধিৱেশনৰ কালি কেইবাটাও কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আজি পুৱাৰ ভাগত সামুহিক চাফাই অভিযানে কাৰ্যসূচী আৰম্ভ হয় । 

ইয়াৰ পিছতে শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ প্ৰতিচ্চবিত মাল্যাৰ্পণ, মুণ্ডা মহাসভাৰ প্ৰয়াত কৰ্মীসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। এই সাংস্কৃতিক শোভাযাত্ৰাত চাহ জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয়। ইফালে, ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বীৰছা মুণ্ডাৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভাষণ আগবঢ়ায় । 

বন্ধ বাতিল কৰিবলৈ মুণ্ডা মহাসভাই আহ্বান জনোৱাৰ পিছত ছয় জনগোষ্ঠী যৌথ মঞ্চই নামানি বন্ধ বাহাল ৰখাত দুখ প্ৰকাশ কৰিছে মুণ্ডা মহাসভাই । ভৱিষ্যতে ছয় জনগোষ্ঠীৰ যৌথ মঞ্চই কাৰ্যসূচী গ্ৰহণ কৰিলে মুণ্ডা মহাসভাই সহযোগ নকৰাৰ হুংকাৰো প্ৰদান কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply