মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাত ঘোষণা কৰা পাছতে প্ৰথমবাৰলৈ চৰকাৰে ৩১ মাৰ্চত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰিব।

যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত উদযাপন কৰা হব এই দিৱস সেই দিনটোতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কেইবাখনো শিক্ষামূলক আঁচনি।

আনহাতে, ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ক শিক্ষা সেতু এপৰ জৰিয়তে প্ৰদান কৰা হ’ব ৫২ হাজাৰ টেবলেট।

ছাত্ৰ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে ২৬,২২৫ গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক উৎকৰ্ষ সাধন কৰাৰ উদেশ্যে  ৪ আৰু ২ হাজাৰকৈ প্ৰদান কৰিব জলপানি এই কথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কয়।

লগতে ২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰায় ৩.৫০ লাখ শিক্ষাৰ্থীয়ে কিতাপ-বহী কিনাৰ বাবদ পাব ১৪৫০ কৈ টকা।

মহাবিদ্যালয়সমূহক মাচুল ৰেহাই অনুদানৰ কথাও সদৰি কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। আনহাতে, UG আৰু PG শিক্ষাৰ্থীসকলক বিনামূলীয়া কিতাপ আগৱঢ়োৱা হব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply