মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
শেহতীয়াকৈ চিকিৎসালয় খনত দুটিকৈ নৱজাতকৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত বিচৰাৰ লগতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত বিভিন্ন অনিয়মৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত ভাগত।
উল্লেখ যে দীৰ্ঘদিনে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত বিভিন্ন অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰোগীৰ লগতে স্থানীয় ৰাইজে কৰি আহিছিল। আজিৰ আছুৰ প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় জাতীয় জনগোষ্ঠীয় দল সংগঠন সমূহে সহযোগ আগবঢ়ায়।
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈৰ নেতৃত্ব ৰূপায়ণ হোৱা প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুনাল নাথৰ উপস্থিত হোৱাত তেখেত জৰিয়তে মাৰ্ঘেৰিটা মহকুমাধিপতিলৈ চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সমূহ তদন্তৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
লগতে পঢ়ক- আফস্পা বাতিল, নিহতৰ পৰিয়ালৰ ন্যায় দাবীত পুনৰ উত্তাল নগালেণ্ডৰ মন জিলা
উল্লেখ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ একাংশ চিকিৎসকে ব্যক্তিগত নাচিং হোমৰ চেম্বাৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।