মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা কিডজী চান চাইন বিদ্যালয়ৰ শিক্ষক অভিষেক ভট্টাচাৰ্য (৩০) নিশা সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি, নিশা প্ৰায় ১২ মান বজাত শিক্ষকজনে এক অনুষ্ঠানত ভাগলৈ মাৰ্ঘেৰিটা চাৰিআলিস্থিত নিজ গৃহলৈ আহি থকা অৱস্থাত মাৰ্ঘেৰিটা চানু বেকাৰী সন্মুখৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। 

মাৰ্ঘেৰিটা আৰক্ষী তথা স্থানীয় লোকে ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অভিষেকক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বাতৰি প্ৰস্তুত কৰা সময়লৈকে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখনৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। 

ইতিমধ্যে মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। স্থানীয়ভাবে কৰিয়গ্ৰাৰ্ফৰ হিচাপেও জনপ্ৰিয় আছিল অভিষেক ভট্টাচাৰ্য। তেখেতৰ মৃত্যুত কিডজী চান চাইন বিদ্যালয়ৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। অভিষেকৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটা নগৰত গভীৰ শোকৰ ছাঁ পৰিছে। অন্যহাতে, স্থানীয় ৰাইজে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটন বাবে আৰক্ষীক দাবী জনাইছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply