মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত নিত্য নতুন কৌশলেৰে চোৰাং কয়লাৰ বেহা অব্যাহত থকাৰ মাজতে মাৰ্ঘেৰিটা আৰক্ষীয়ে চোৰাং কয়লা বেহাৰ বিৰুদ্ধে টঙালি বন্ধা দেখা গৈছে।
মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী সমীপত এ এছ- ২৩- এ ৪১২১ নম্বৰ এখন মাৰুটি ভান সহ দুজন কয়লা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাৰ্ঘেৰিটা আৰক্ষী। গ্ৰেপ্তাৰ কৰা কয়লা চোৰ দুজন ক্ৰমে মাৰ্ঘেৰিটা জয়ানগৰস্থিত লিবিয়ান গগৈ(৩০) আৰু মাৰ্ঘেৰিটা ষ্টেচন পাৰাৰ কৃষ্ণ কুমাৰ দেৱ(৩২) বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
লগতে পঢ়কঃ জুৰীয়াত পানীৰ দৰত বিক্ৰী শাক-পাচলি
দুই কয়লা চোৰে কৌশলেৰে ব্যক্তিগত মাৰুটি ভান গাড়ীৰ ভিতৰত চোৰাং কয়লাখিনি মাৰ্ঘেৰিটা আলুবাৰী সমীপৰ এটা বিশেষ স্থানলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি বিশেষ সূত্ৰত প্ৰকাশ পাইছে। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ গোচৰ নং ২৬৯ / ২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মাৰ্ঘেৰিটা আৰক্ষীয়ে চোৰাং কয়লা,বালি, ইটা ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল।