মাৰ্ঘেৰিটা, মানস প্ৰতিম গগৈঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনৰ অৰু মাৰ্ঘেৰিটা চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত সোমবাৰে মাদক দ্ৰব্য নিবাৰণ স্বাস্থ্য আৰু শিক্ষা বিষয়ৰ ওপৰত মাৰ্ঘেৰিটা মাকুম বাগান ৬নং লাইনত এখন সজাগতা সভা অনুষ্ঠিত হয়।
এই অনুষ্ঠানত আছাৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জ, সম্পাদক চামুৱেল তপন্ন, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰসহ বহুকেইজন সচেতন নাগৰিক উপস্থিত থাকে।
সভাত বক্তাসকলে ৰাগিয়াল দ্ৰব্যই জীৱনত সৃষ্টি কৰা ভয়াবহতা সম্পৰ্কে বক্তব্য ৰখাৰ লগতে স্বাস্থ্য আৰু শিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য ৰাখে।