মাৰ্ঘেৰিটাঃ লাচিত দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা জাগুন ৰামপুৰ পাঁচ মাইলৰ অৰুণজ্যোতি যুৱক সংঘৰ উদ্যোগত বিশাল ৰক্তদান শিবিৰৰ আয়োজন।
অৰুণজ্যোতি যুৱক সংঘৰ ৰক্তদান কোষৰ উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰ সহযোগত আজি এক বৃহৎ ৰক্তদান শিবিৰ আৰু সজাগতা কৰ্মশালা অৰুণজ্যোতি যুৱক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।
লাচিত দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো তেওঁলোকে এই শিবিৰৰ আয়োজন কৰিছে।
এই অনুষ্ঠানত মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম , এডিচি চৰফৰাজ হ’ক (কৃষিবিভাগ)ৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
প্ৰায় ৩ শতাধিক ৰাইজে এই ৰক্তদান শিবিৰত ৰক্তদান কৰে। ”ৰক্তদান মহান দান” এই আপ্তবাক্য আগত ৰাখিয়ে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিলে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।