তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ২নং ফেনেঙ গাঁৱত চাঞ্চল্যকৰ ঘটনা। সোমবাৰৰ পৰা সন্ধানহীন বিতোপন বৰা নামৰ এজন যুৱক ।
শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনত যোগদান কৰিবলৈ যুৱক-যুৱতী ঢাপলি মেলাৰ বাতৰি প্ৰকাশ পাই থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ২নং ফানেং গাঁৱৰ নিবাসী ললিত বৰা পুত্ৰ বিতোপন বৰা (২০) নামৰ যুৱকজন যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লগতে পঢ়কঃ”মিছন বসুন্ধৰা” অভিলাষী আঁচনিৰ বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে বাটৰ নাট প্ৰদৰ্শন
উল্লেখযোগ্য যে, সোমবাৰে যুৱকজন জাগুন বজাৰলৈ এটা বেগ কিনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছত ঘৰলৈ বিতুপন ঘূৰি আহি সন্ধিয়া প্ৰায় ৫মান বজাত দদাইয়েকৰ পৰা গৰম টুপী লৈ ঘৰৰ পৰা ওলাই যায়। সেই তেতিয়াৰে পৰা আজি পৰ্যন্ত কোনো খা-খবৰ নাই যুৱকজনৰ।
অৱশেষত পৰিয়ালৰ লোকে যুৱকজনৰ সন্দৰ্ভত জাগুন আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। পিছে বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য সদৰী কৰিবলৈ সক্ষম হোৱা নাই ।
কেনেবাকৈ যদি ভুলবশত যুৱকজনে আলফা স্বাধীনত যোগদান কৰিছে তেন্তে সোনকালে সুস্থ শৰীৰে নিজ গৃহলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে। পুত্ৰক সোঁশৰীৰে ঘৰলৈ ঘূৰাই পঠিয়াব লাগে বুলি পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে ।