মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটাঃ প্ৰায় দুটা বছৰৰ বিৰতিৰ পিছত বুধবাৰৰ পৰা আৰম্ভ হৈছে মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত ব’হাগী উৎসৱ। মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰৰ প্ৰয়াত বিনু চেতিয়া সোঁ‌ৱৰণি মঞ্চত অনুষ্ঠিত হোৱা বিহুৰ প্ৰথম কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছতে অনুষ্ঠিত হয় স্বহীদ তৰ্পন কাৰ্যসূচী। বহাগী উৎসৱৰ লগত সংগতি ৰাখি হিলভিউস্থিত নৱনিৰ্মিত ইক’পাৰ্কৰ সন্মুখত সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যক্তিগত পুঁ‌জিৰে নিৰ্মিত প্ৰায় ৯লাখ টকা ব্যয় সাপেক্ষে স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা পুৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে। চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি বিধায়ক ভাস্কৰ শৰ্মাই টাই আহোম যুৱ পৰিষদৰ অনুৰোধৰ প্ৰতি সঁ‌হাৰি জনাই এই প্ৰতিমূৰ্তি স্থাপন কৰোৱাৰ কথা উল্লেখ কৰে। এই ইক’পাৰ্ক খনে মাৰ্ঘেৰিটা অঞ্চলৰ এটা বহুদিনীয়া আশা পূৰণ কৰিব বুলি বিধায়ক শৰ্মাই ভাষণ প্ৰসংগত প্ৰকাশ কৰে। আনহাতে প্ৰতিমূৰ্তি উন্মোচনৰ পিছতে “চাওলুং চুকাফা” নামেৰে এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰে বিধায়ক গৰাকীয়ে।

লগতে পঢ়কঃমাউন্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰিলে হাজোৰ হেদায়েৎ আলীয়ে

উদ্ধোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি উপস্থিত থাকি হিলভিউস্থিত ইক’পাৰ্কত বৃহত্তৰ অসমীয়া জাতি গঠনৰ লগতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰি ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰি বান্ধি ৰখাৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পাছতেই সদৌ অসম ভিত্তিত অনুষ্ঠিত মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত ৩৯ সংখ্যক বহাগী উৎসৱটি স্বৰ্গীয় বিণু চেতিয়া সোঁৱৰণী ব’হাগী মঞ্চত আৰম্ভ হয়।তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ব’হাগী উৎসৱৰ প্রথম দিনা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীয় সাংস্কৃতিক দলে পৰম্পৰাগত সাজপাৰ পিন্ধি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। প্ৰায় ১০ সহস্ৰাধিক লোকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে। এই শোভাযাত্ৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু বিকাশ ছেত্ৰী আদিয়েও অংশ গ্ৰহণ কৰে।

শোভাযাত্ৰাৰ পূৰ্বে বিহুৰ পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ অনুষ্ঠিত হয়। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় ৫০ টাৰো অধিক দলে অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাটোত “সংস্কৃতিৰ প্ৰদৰ্শন” আৰু “প্ৰতীকপদ” প্ৰদৰ্শন নামেৰে দুটা ভাগত বিভক্ত কৰি বঁ‌টা প্ৰদান কৰা হয়। সেই অনুসৰি সংস্কৃতিক প্ৰদৰ্শন বিষয়ত প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ছেন্ট জেম্‌ছ স্কুল, হাজং লোক সংস্কৃতি দল আৰু সোনোৱাল কছাৰী বহুৱা নৃত্য দলে। লগতে পাৰিজাত বিদ্যালয়ৰ ঝুমুৰ দলে বিচাৰকৰ বিশেষ বঁ‌টা লাভ কৰে। প্ৰতীক পদ প্ৰদৰ্শন শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে টাই আহোম গাভৰু দল, নাবাৰুণ শিল্পী সমাজ আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় বৰগোলাই। উক্ত শাখাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে ভোজপুৰী সমাজ মাৰ্ঘেৰিটাই। উল্লেখ্য যে, বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণকাৰী দল কম হোৱাৰ লগতে প্ৰতীক পদ শাখাত অংশগ্ৰহণকাৰীৰ সংখ্যা তেনেই তাকৰ হোৱাৰ উপৰি ঐতিহ্যমণ্ডিত বিহুখনত শোভাযাত্ৰাটোত বহু বিশৃংখলতা পৰিলক্ষিত হোৱাত ৰাইজে কিছু অসন্তুষ্টি ব্যক্ত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply