মাৰ্ঘেৰিটা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হৈ ২০২০ বৰ্ষৰ ৩ জুনৰ পৰা উত্তৰ পূৱ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰে ক’ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে |
বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত কিছু জটিলতা আছে । পৰিবেশ সংক্ৰান্তীয় দিশ সমূহ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে । এই সন্দৰ্ভত দিল্লীত অহা মাহত ত্ৰিপাক্ষিক বৈঠক অনুস্থিত হব ।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, স্থানীয় ৰাইজে কয়লা ক্ষেত্ৰ পুনৰ মুকলি হোৱাতো বিচাৰে । বৰ্তমান সময়ত উত্তৰ-পূব কয়লা ক্ষেত্ৰ লোকচানত চলি থকা বাবে ব্যক্তিগত কৰণৰ কথা নাহে বুলিও লগতে কয় । মুখ্যমন্ত্ৰীয়ে বন বিভাগ,ৰাজহ বিভাগ আৰু ক’ল ইণ্ডিয়া ত্ৰিপাক্ষিক আলোচনা কৰি শীঘ্ৰে ক’ল ইণ্ডিয়া মুকলিৰ আশ্বাস দিয়ে।
লগতে পঢ়ক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক নিন্দনীয় আখ্যা কংগ্ৰেছ দলৰ