মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সভাকক্ষত অসমীয়া বিভাগৰ উদ্যোগত স্বৰ্ণলিপিৰ সহযোগত এখন ৰাজ্যিক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনা চক্ৰখনিৰ উদ্বোধন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড° অতনু কাকতিয়ে।

ড° ৰমেন হাজৰিকাই বীজ বক্তব্য প্ৰদান কৰা অনুষ্ঠানটিৰ আঁ‌ত ধৰে আলোচনা চক্ৰৰ সমন্বয়ক ড° ৰুণজুন শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণিতে দিহিংপৰীয়া কবিৰ সংগৃহীত গ্ৰন্থৰাজি অসমীয়া বিভাগলৈ দান কৰাৰ বাবে বিভাগে তেখেতক এখনি এড়ী চাদৰ আৰু এখনি স্নেহ পত্ৰৰে সম্বৰ্দ্ধনা জনায়।

এই অনুষ্ঠানতে হৃদয়ানন্দ গগৈয়ে হিন্দী বিভাগৰ সহযোগী অধ্যাপক ড° পুষ্পা সিঙৰ উপন্যাস “নয়া আকাশ “উন্মোচন কৰে। মূল আলোচনা চক্ৰখনি সঞ্চালনা কৰে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দীপালী শৰ্মাই।

লগতে পঢ়কঃবশিষ্ঠ আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চক জয়ন্ত কুমাৰ দাস

আলোচনা চক্ৰৰ সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ড° স্বাতী কিৰণ, দিছপুৰ মহাবিদ্যালয়ৰ অজিত প্ৰসাদ শৰ্মা, সৰ্বোদয় মহাবিদ্যালয়ৰ ড° নয়নজ্যোতি ভূঞা আৰু লিডু মহাবিদ্যালয়ৰ ড° পবিত্ৰ গগৈয়ে ভাৰতীয় সাহিত্যৰ বিভিন্ন দিশত আলোকপাত কৰে।

উক্ত আলোচনা চক্ৰখনিত বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় দহগৰাকী ছাত্ৰছাত্ৰীয়ে আলোচনা পত্ৰ পাঠ কৰে। শেষত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক বিতুমণি মালীয়াই সকলোৰে শলাগ জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply