মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ ভূপেন বৰাৰ সৈতে লগতে উপস্থিত থাকে কংগ্ৰেছৰ জেষ্ঠ নেতা দেৱব্ৰত শইকীয়া৷ শেহতীয়াকৈ কেইবাটাও নিৰ্বাচনত দলৰ যি শোচনীয় পৰাজয় তথা কংগ্ৰেছ দলৰ হেৰুৱা অস্বিত্ব পুনৰ উদ্ধাৰৰ বাবে দলৰ সভাপতি গৰাকীয়ে এতিয়া নিজেই বিভিন্ন জিলাৰ তৃণমূল কৰ্মীসকলৰ সৈতে মতবিনিময়ত লিপ্ত হোৱা দেখা গৈছে৷
লগতে পঢ়কঃমহানগৰীৰ জয়ানগৰত মুকলি হ’ব অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়
মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত উপস্থিত হৈ ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই তীব্ৰ ভাষাৰে কটাক্ষ কৰে বিজেপি দলক।বিজেপিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে বুলিও উল্লেখ কৰে দেৱব্ৰত শইকীয়াই। ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যাক অৱহেলা কৰি প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে বুলিও মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি গৰাকীয়ে।