মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটাঃ অসমত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত যুৱ প্ৰজন্মক ধ্বংস কৰা মাৰাত্মক ড্ৰাগছৰ বিৰোধী অভিযান চলাই জব্দ কৰিছে নগদ ধন , ড্ৰাগছ আৰু এখন মটৰ চাইকেল।
এই অভিযানত আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰিছে পাঁচ জনকৈ ড্ৰাগছ বেপাৰীক। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটাকে আদি কৰি মাৰ্ঘেৰিটা মহকুমাৰ উপকন্ঠ অঞ্চলত অব্যাহত থকা মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে।
আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত অভিযান চলাই মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলৰ পৰা ৫টাকৈ ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ধৃত লোক কেইজন হৈছে এক নং ডিবঙৰ চেং চিংফৌ (৩১), ৪ নং মাকুমপথাৰৰ কুনাল সৰকাৰ (৩২), অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ফোংচাৰ নিবাসী নঘম হাৰাপ (১৮), চিনমিক শ্বিন (৩৪) আৰু পংৱাং হাৰাপ (১৬) ।
ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে ৬৪.৪৫ গ্ৰাম ড্ৰাগচ, নগদ ৪২৩০০ হাজাৰ নগদ টকা আৰু এ এছ ২৩ এক্স ০১৮৯ নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰে।
ইতিমধ্যে লোক কেইজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীয়ে এন ডি পি এছৰ অধীনত এক গোচৰ ৰুজু কৰি সন্ধিয়া জেল হাজোতলৈ প্ৰেৰণ কৰিছে।