মাৰ্ঘেৰিটাঃ কংগ্ৰেছ নেতা অধীৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমানজনক মন্তব্য কৰাৰ প্ৰতিবাদত শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰা বুলি অভিযোগ উঠিছিল । ইয়াৰ পাছতে শনিবাৰে আহোম সভা সহ আহোমৰ কেইবাটাও সংগঠনে একত্ৰিত হৈ মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ সন্মুখৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত আঙুৰলতাৰ প্ৰতিকৃৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰা সময়ত “আহোম জাতি মুৰ্দাবাদ” শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰি এই‌ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই । প্ৰকৃততে “ৰাহুল গান্ধী মুৰ্দাবাদ” কৈছিল নে “আহোম জাতি মুৰ্দাবাদ” কৈছিল তাকে লৈ এতিয়া বিবুধিত পৰিছে একাংশ। সকলো আহোম সংগঠনৰ লগতে আহোম ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই আঙুৰ লতা ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ৰূপায়ন কৰিব বুলি হুংকাৰ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply