মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ।
কলেজৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনে ছাত্ৰ সন্থাৰ কৰ্মীক বৰ্বৰভৱে কৰা অত্যাচাৰ আৰু নিৰ্মম প্ৰহাৰ কৰাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ আজিও অব্যাহত আছে।
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়কঃমৰাণত ঐতিহ্যমণ্ডিত গৰখীয়া সবাহ অনুষ্ঠান
উল্লেখ্য যে, ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰৰ কৰি সূত্ৰপাত হোৱা সংঘাতৰ ফলত ছাত্ৰ সন্থাই বিনাচৰ্তত ছাত্ৰ সন্থাৰ সদস্য সকলক মুকলি কৰি দিয়াৰ দাবীত দেওবাৰে ২৪ ঘন্টীয়া বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
আজি পুনৰ জিলা আছুৱে পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।